চম্পাৱতী - অসমীয়া সাধুকথা || Champaboti- Assamese Story.

Post a Comment

 এসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল| তেওঁৰ দুজনী ঘৈণীয়েক আছিল| ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী| লাগীজনীৰো এজনী ছোৱালী হৈছিল আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল| লাগী তিৰোতাৰ কথা শুনি গিৰীয়েকে সৰুজনীক তাইৰ জীয়েকৰে সৈতে চুৱাপাতনিত থাকিবলৈ এটি পঁজাঘৰ সজাই দিলে| এলাগীয়ে দুখ-কষ্টেৰে জীয়েকক লৈ খুজি-মাগি খাই ঘৰতে থাকিবলৈ ধৰিলে| এলাগীৰ জীয়েকৰ নাম চম্পাৱতী| এদিন বাপেকে চম্পাৱতীক পকা ধান ৰখিবলৈ হুকুম দিলে| এইদৰে বহুদিন গৈছে, এদিন চম্পাৱতীয়ে ধান ৰখিবলৈ গৈ টঙিৰ ওপৰত উঠি-

"হুৰ হুৰ বতা চৰাই

মোৰ ধান নাখাবি তোক দিম গোটাকৰাই|”

বুলি কওঁতেই ওচৰৰ হাবিৰ মাজৰ পৰা কোনোবাই উত্তৰ দিলে-

"ধানো খাম চাউলো খাম,

চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম|”

চম্পাৱতীয়ে এইবোৰ কথা শুনি কেউফালে মানুহ-দুনুহ চাই কাকো নেদেখি বিচুৰ্তি হ’ল| তাৰ পিছত গধূলি পৰত ধান ৰখি উভতি আহি চম্পাই মাকৰ আগত সেইদিনাৰ সেই কথা ক’লে| পিছদিনা মাকে চম্পাৰ কথা সঁচানে মিছা জানিবৰ নিমিত্তে চম্পাৰ লগতে ধাননিৰ মাজলৈ গ’ল আৰু মাকে ক’বলৈ দিয়াত চম্পাই ক’বলৈ ধৰিলে-

Newer Oldest

Related Posts

There is no other posts in this category.

Post a Comment